: এছ বি আইৰ স্কীম এটাত ইনভেষ্ট কৰিছো৷ আপোনাৰ মতামত জানিব বিচাৰো৷ মানুহজনে ফোনতে মোৰ উত্তৰলৈ বাট চালে
: বেংক ফিক্সড ডিপ’জিট? মোৰ প্ৰশ্ন৷
: নাই নাই বেংক ফিক্সড ডিপ’জিট নহয়৷ সেই যে আঁচনিবোৰ থাকে৷ তেওঁৰ ব্যাখ্যা৷
এটা অসম্পূৰ্ণ তথ্য৷ যাক ভিত্তি কৰি কোনো মন্তব্য দিব নোৱাৰি৷ এছ বি আই অৰ্থাৎ ষ্টেট বেংক অব ইণ্ডিয়াক ভাৰতীয় মানুহৰ ওচৰত নতুনকৈ পৰিচয় কৰি দিবলগা একো নাই৷ কিন্তু এছ বি আয়ে অকল বেংকিঙতেই নিজক সীমাবদ্ধ কৰি ৰখা নাই৷ মিউচুৱেল ফাণ্ড, ইঞ্চুৰেন্স আদি ব্যৱসায়তো তেওঁলোকৰ স্থিতি প্ৰসাৰিত কৰিছে৷ অমুন্দি নামৰ ফৰাচী বিত্তীয় প্ৰতিষ্ঠানটোৰ সৈতে এছ বি আয়ে যুটি বান্ধি এছ বি আই মিউচুৱেল ফাণ্ডৰ সম্পদ ব্যৱস্থাপনা ব্যৱসায় কৰে৷ এই বিত্তীয় ব্যৱসায়ত নিয়ন্ত্ৰকৰ ভূমিকা পালন কৰে ছেবিয়ে (চিকিউৰিটি এণ্ড এক্সচেঞ্জ ব’ৰ্ড অব ইণ্ডিয়া)৷ ছেবিয়ে বান্ধি দিয়া নীতি-নিৰ্দেশনাৰ মাজত অন্য ফাণ্ড হাউচৰ দৰে ইয়াত এছ বি আয়ে মিউচুৱেল ফাণ্ডৰ ব্যৱসায় কৰিবলৈ বাধ্য৷ আনহাতে ষ্টেট বেংক অব ইণ্ডিয়াই বি এন পি পৰিবাচ কাৰডিফ নামৰ আন এটা ফৰাচী প্ৰতিষ্ঠানৰ সৈতে যৌথ উদ্যোগত এছ বি আই লাইফ নামৰ কোম্পানী এটা প্ৰতিষ্ঠা কৰি ভাৰতত জীৱন বীমাৰ ব্যৱসায় কৰে৷ এইক্ষেত্ৰত নিয়ন্ত্ৰক হিচাপে আছে আই আৰ ডি এ (ইঞ্চুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি)৷ এতিয়া কথা হ’ল ব্যক্তিজনে ক’ত বিনিয়োগ কৰিছে? অৰ্থাৎ সাধাৰণভাৱে ক’বলৈ গ’লে তেওঁ এছ বি আই মিউচুৱেল ফাণ্ডত নে এছ বি আই লাইফত বিনিয়োগ কৰিছে তাক নিজে জনাটো তেওঁৰ বাবে প্ৰাথমিক প্ৰয়োজনীয়তাৰ ভিতৰত পৰে৷ এই কথা ৰিলায়েন্স, এইছ ডি এফ চি, বিৰলা, আই চি আই চি আই আদি সকলো কোম্পানীৰ ক্ষেত্ৰত একেধৰণে প্ৰযোজ্য৷
: কোনটো সম্পদ শ্ৰেণীত বিনিয়োগ কৰিছে? মই আকৌ সুধিলো৷
: নাই নাজানো৷ ৰব ৰব আঁচনিখনৰ নামটো কি আছিল, কি আছিল ……… ৷ অহ, মই পাহৰিছো, আপোনাক চাইহে ক’ব পাৰিম৷ সিফালৰ পৰা মানুহজনে উত্তৰ দিলে৷
অন্য এটা অতি দৰকাৰী কথাক তেওঁ যথোচিত গুৰুত্ব দিয়া নাই৷ কল্পনা কৰক – আপুনি এটা ভোজনগৃহলৈ সোমাই গৈছে৷ আহাৰসমূহ একো একোটা পেকেট কৰি এলুমিনিয়াম ধাতুৰ পাতেৰে মেৰিয়াই থোৱা হৈছে৷ বাহিৰৰ পৰা গম পোৱা নাযায় পেকেটৰ ভিতৰত কি আছে৷ খাদ্য বিতৰণ কৰোতালৈ আপোনাৰ প্ৰথম প্ৰশ্ন কি হ’ব? নিশ্চয় আপোনাৰ প্ৰথম প্ৰশ্নটো হ’ব – খাদ্য আমিষ নে নিৰামিষ? নহয়নে? আপুনি উত্তৰ পালে আমিষ আৰু নিৰামিষ দুয়োটাই আছে৷ যদিহে আপুনি আমিষপ্ৰিয় ব্যক্তি হয, তেন্তে আপোনাৰ দ্বিতীয় প্ৰশ্নটো হ’ব – কি আছে মাছ, মাংস নে কণী? এইবাৰ আপোনাৰ প্ৰথম পছন্দ যদি মাংস হয়, তেন্তে ইয়াৰ পিচৰ স্বাভাৱিক প্ৰশ্নটো হ’ব – কিহৰ মাংস, কুকুৰাৰ নে ছাগলীৰ? এনেদৰে খাদ্যৰ শ্ৰেণী বিভাজনৰ জৰিয়তে আপুনি এটা সিদ্ধান্তলৈ আহিবলৈ চেষ্টা চলাব, প্ৰকৃততে কেনে খাদ্য আপুনি গ্ৰহণ কৰিব বা কোনবিধ খাদ্য আপোনাৰ বাবে কিমান উপযোগী৷ কিন্তু যেতিয়া বিনিয়োগৰ সময়তো একেধৰণে শ্ৰেণী বিভাজন কৰি বিশ্লেষণৰ প্ৰয়োজন হয়৷ বহু বিনিয়োগকাৰীয়ে তাক গুৰুত্বপূৰ্ণ বুলি নাভাবে বা যথোচিত গুৰুত্ব প্ৰদান নকৰে৷ বহু সময়ত দ্ৰব্যবিধৰ নামটোৱেই যথেষ্ট নহয় তাত থকা উপাদানসমূহক জানিবলৈ৷ উপাদানক নাজানিলে কেনেকৈ বুজিব সেই বিনিয়োগ সামগ্ৰীৰ চৰিত্ৰ কেনেকুৱা৷ নাম আৱৰণ ফালি সেইখিনি বিনিয়োগ জগতৰ আমিষ নে নিৰামিষ তাক জানিবলৈ চেষ্টা কৰাটো অত্যন্ত দৰকাৰী কথা৷
বিনিয়োগযোগ্য সম্পদক আমি সাধাৰণতে ৫ ভাগত ভগাব পাৰো –
(১) ইকুইটি বা শ্বেয়াৰ,
(২) ঋণজাতীয় সম্পদ,যেনে ফিক্সড ডিপ’জিট, বণ্ড ইত্যাদি,
(৩) ভূ-সম্পত্তি,
(৪) নগদ ধনৰ সমতুল্য আৰু
(৫) বিকল্প বিনিয়োগ৷
ইঞ্চুৰেন্স আৰু মিউচুৱেল ফাণ্ডৰ আঁচনিবোৰ ঘাইকৈ ইকুইটি আৰু ঋণ সম্পদৰেই গঠন কৰা হয়৷ কিছুমানত সম্পূৰ্ণ ইকুইটি, কিছুমানত সম্পূৰ্ণ ঋণ সম্পদ আৰু আন কিছুমান ইকুইটি আৰু ঋণ সম্পদৰ বিভিন্ন অনুপাতত মিশ্ৰণ৷ মিউচুৱেল ফাণ্ডৰ জৰিয়তে সোণতো বিনিয়োগ কৰিব পাৰি৷ কোৱা বাহুল্য যে প্ৰত্যেক সম্পদ শ্ৰেণীৰে ক্ষতিভয় (ৰিস্ক) আৰু ফল (ৰিটাৰ্ন) একে নহয়৷ হাতত হাত ধৰি ক্ষতিভয় আৰু ফল আগবাঢ়ে৷ অৰ্থাৎ সাধাৰণ অৱস্থাত বেছি ক্ষতিভয় থাকিলে বেছি ফল আশা কৰা যায় আৰু কম ক্ষতিভয়ৰ বিপৰীতে কম ফল৷ বজাৰৰ উত্থান-পতনৰ দৃষ্টিকোণৰ পৰা ইকুইটিত ঋণ সম্পদতকৈ ক্ষতিভয় বেছি, সেয়ে ফলৰ প্ৰত্যাশাও বেছি৷
বিনিয়োগৰ বাবে উপযুক্ত আঁচনি একোখন নিৰ্বাচন কৰাটো এটা গুৰুত্বপূৰ্ণ প্ৰক্রিয়া৷ য’ত আঁচনিৰ বিগত দিনৰ তুলনামূলক প্ৰদৰ্শন, বৰ্তমানৰ স্থিতি আদিৰ ওপৰিও গাইগুটিয়াভাৱে বিনিয়োগকাৰীজনৰ ক্ষতিভয় সহিষ্ণুতা, বিনিয়োগ সামৰ্থ, বিনিয়োগৰ উদ্দেশ্য, বিনিয়োগৰ লক্ষ্যলৈ সময়ৰ মাপেৰে দূৰত্ব আদিৰ সূক্ষ্ম পৰ্যালোচনাৰ আৱশ্যক আছে৷ আঁচনি এখন নিৰ্বাচন কৰি বিনিয়োগ কাৰ্যকৰী কৰাৰ পাচতো নিৰ্দিষ্ট দিনৰ মূৰে মূৰে পৰ্যবেক্ষণ কৰি থকাটো বিনিয়োগ যাত্ৰাৰ এটা গুৰুত্বপুৰ্ণ অংগ৷ যাতে আৱশ্যক অনুযায়ী উচিত প্ৰদক্ষেপ ল’ব পৰা যায়৷
কথা-বাৰ্তাত লক্ষ্য কৰো বহুতেই ইকুইটি বিনিয়োগত মুখামুখি হোৱা বজাৰ সম্বন্ধীয় উত্থান-পতনক ঠগ-প্ৰৱঞ্চনাৰ দৰে ঘৃণা কৰে৷ সেয়ে তেওঁলোকে দীৰ্ঘম্যাদী বিনিয়োগো একমাত্ৰ ফলৰ নিশ্চিতি থকা ঋণ সম্পদৰে সজায়৷ এনে দৃষ্টিভংগী বহুতৰে বাবে স্বপ্ৰতাৰণামূলক হ’ব পাৰে যদিহে বিনিয়োগৰ ফল পূৰঠ হলেও ভৱিষ্যতৰ উদ্দেশ্য পূৰণৰ বাবে যথেষ্ট নহয়৷ অৱশ্যে এইটো ঠিক যে ইকুইটি বজাৰৰ ইতিহাসো কেলেংকাৰিৰ দাগৰ পৰা মুক্ত নহয়৷ বিত্তীয় নিয়ন্ত্ৰকৰ চকুত সাময়িকভাৱে ধূলি মাৰি হৰ্ষদ মেহ্তা বা কেতন মেহ্তাৰ দৰে লোকে দুষ্কাৰ্য সংঘটিত কৰে৷ কিন্তু তথাপিও ইকুইটিক পঞ্জি আঁচনিৰ সমপৰ্যায়ৰ বুলি ভবা অনুচিত৷ পঞ্জি আঁচনি উদ্দেশ্যই হৈছে ঠগন৷ চদ্মবেশী প্ৰৱঞ্চকসকলে বিত্তীয় নিয়ন্ত্ৰকৰ আওতাৰ আঁতৰত থাকিবলৈ আপ্ৰাণ চেষ্টা চলাই আৰু অত্যধিক ফল আৰু কমিচনেৰে বিনিয়োগকাৰী আৰু বিতৰকসকলক আকৰ্ষণ কৰিবলৈ যত্ন কৰে৷ একমাত্ৰ সৌভাগ্যইহে আপোনাক এনে বিনিয়োগত লোকচান হোৱাৰ পৰা বচাব পাৰিব৷ অন্যহাতে ইকুইটি বিনিয়োগত উপযুক্ত কৌশলেৰে আমি লোকচানৰ পৰা আঁতৰাই নহয় লাভৱান হোৱাৰো সুযোগ গ্ৰহণ কৰিব পাৰো৷ যেনে ডাইভাৰছিফাইড ইকুইটি ফাণ্ডত চিপৰ জৰিয়তে দীৰ্ঘদিনৰ দূৰত্বত থকা লক্ষ্যৰ বাবে বিনিয়োগ৷ কাৰণ ইকুইটি হ্ৰস্বকালৰ বিনিয়োগৰ বাবে উপযুক্ত নহয়৷ কেনেবাকৈ হ্ৰস্বকালত যদি আপুনি ইকুইটি বিনিয়োগত উপকৃত হৈছে তেন্তে তাৰ বাবে আপোনাৰ কৌশলতকৈ ভাগ্যক ধন্যবাদ দিয়ক৷ দীৰ্ঘদূৰত্বৰ বিনিয়োগত আমাৰ এক নম্বৰ শত্ৰু হৈছে মুদ্ৰাস্ফীতি৷ সেই মুদ্ৰাস্ফীতিক বিনিয়োগৰ ফলেৰে পৰাভূত কৰিবলৈ হ’লে আমি ইকুইটিৰ কাষ চাপিবই লাগিব৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ১৪ আগষ্ট ২০১৪ তাৰিখে প্ৰকাশ পাইছিল)
Leave a Reply