আমাৰ আইতাই আগতে কণীবোৰ একেটা পাত্ৰতে নথৈছিল৷ ইটোৰ লগত সিটোৰ ঘঁহনি খাই নাভাগিবলৈ তুঁহগুড়ি দিয়াৰ উপৰি একাধিক পাত্ৰ ব্যৱহাৰ কৰিছিল, যাতে কিবা অঘটনত এটা পাত্ৰত থকা কণী ভাগিলেও বাকীকেইটাত থকাখিনি ৰক্ষা পৰে৷ আইতাৰ এই কৌশলটো ময়ো ব্যক্তিগত জীৱনত নলগোৱা নহয়৷ দূৰ ভ্ৰমণত পৰিয়ালৰ লগত ওলালে প্ৰথমেই নগদ টকাকেইটা আৰু কাৰ্ডকেইখন পৰিবাৰৰ সৈতে ভগাই লওঁ৷ যাতে হেৰুৱালেও গোটেইবোৰ একেলগে হেৰুৱাবলগা নহয়৷ আপুনিও নিশ্চয় এই ধৰণৰ কৌশল সম্পৰ্কে অৱগত৷ যেতিয়া বিনিয়োগৰ কথা আহে তেতিয়া এই সাধাৰণ কৌশল বা পদ্ধতিটো অতি মূল্যৱান হৈ উঠে ৰিস্ক ব্যৱস্থাপনাৰ দৃষ্টিকোণৰ পৰা৷ বিত্তীয় ভাষাত ইয়াক কোৱা হয় ‘ডাইভাৰচিফিকেচন’, অসমীয়াত আমি ক’ব পাৰো – ভিন্নতাকৰণ৷ আপোনাৰ বিনিয়োগক চাৰি ধৰণে ভিন্নতাকৰণৰ সুফল দিব পাৰে৷
সম্পদ শ্ৰেণীৰ ফালৰ পৰা :- যদিওবা বিনিয়োগত ইয়াক এছেট এল’কেচন বা ‘সম্পদ আবণ্টন’ বোলা হয়, ইও এক আন্তঃসম্পদশ্ৰেণী ভিন্নতাকৰণেই৷ বিত্তীয় দ্ৰব্যসমূহ মূলতঃ ইকুইটি আৰু ঋণ সম্পদেৰে গঠিত হয়৷ সেয়ে আজিৰ আলোচনা এই দুটা সম্পদ শ্ৰেণীৰ কথাতে আবদ্ধ থাকিম৷ ধৰক, আপুনি সম্পূৰ্ণ ইকুইটি বিনিয়োগৰ বাবে প্ৰয়োজনীয় বজাৰকেন্দ্ৰিক উত্থান-পতন সহিব নোৱাৰে, অথচ আপোনাক মুদ্ৰাস্ফীতিক অতিক্রম কৰা ফল লাগে৷ উপায় এটাই, আপোনাৰ বিনিয়োগক এই দুয়োটা সম্পদ শ্ৰেণীতে উপযুক্তভাৱে ভগাই দিয়ক৷ কোনটোৰ পৰিমাণ কিমান হোৱা উচিত সেয়া নিৰ্ভৰ কৰিব আপোনাৰ বিনিয়োগৰ পৰা থকা ফলৰ প্ৰত্যাশা আৰু ৰিস্ক ল’বলৈ কৰা ইচ্ছা-অনিচ্ছাৰ ওপৰত৷ উদাহৰণস্বৰূপে ইকুইটি সম্পদ শ্ৰেণীৰ পৰা আপোনাৰ যেনিবা প্ৰত্যাশা ১৪ শতাংশ ফল আৰু ঋণ সম্পদৰ পৰা ৮ শতাংশ৷ এতিয়া আপুনি যদি দুয়োটাতে ৫০-৫০ শতাংশ বিনিয়োগ কৰে আপোনাৰ ফলৰ প্ৰত্যাশা হোৱা উচিত ১১ শতাংশ৷ ইয়াৰ বিপৰীতে ইকুইটি বজাৰৰ পতনত আপোনাৰ সামগ্ৰিক বিনিয়োগ ৫০ শতাংশহে ডুবিব৷ আপুনি প্ৰত্যাশাৰ লগতে ৰিস্কো কমালে৷
একে সম্পদ শ্ৰেণীৰ ভিতৰতে :- ইকুইটিত কৰা বিনিয়োগ যদি এটা কোম্পানীৰ শ্বেয়াৰতে সীমাবদ্ধ হৈ পৰে তেন্তে আপোনাৰ সমস্ত ইকুইটি বিনিয়োগ নিৰ্ভৰশীল হৈ পৰিব সেই বিশেষ কোম্পানীটোৰ ভাগ্যৰ ওপৰত৷ আজিৰ তাৰিখত যিমানেই ভাল কোম্পানী নহওক কিয, ৰিস্ক ব্যৱস্থাপনাৰ দিশৰ পৰা এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়৷ ধৰক, ভালৰ দিনত আপুনি একমাত্ৰ বিজয় মালিয়াৰ ‘কিংফিছাৰ এয়াৰলাইনছ’ৰ শ্বেয়াৰত বিনিয়োগ কৰিছিল৷ বৰ্তমান পৰিস্থিতিত আপোনাৰ ইকুইটি বিনিয়োগৰ অৱস্থা কি হ’ব পাৰে নক’লেও হ’ব কিজানি৷ সেয়ে আপোনাৰ ইকুইটি বিনিয়োগ যদি বেলেগ বেলেগ খণ্ডৰ ৩০-৪০ টা বা ততোধিক ভাল কোম্পানীত বিভাজিত হৈ থাকে, তেতিয়া তাৰ কেইটামান কোম্পানীৰ দুৰ্ভাগ্যই আপোনাৰ বিনিয়োগলৈ সামগ্ৰিকভাৱে দুৰ্দিন নানিব৷ যিটো কথা বিনিয়োগত অত্যন্ত গুৰুত্বপূৰ্ণ৷
সময়ৰ ফালৰ পৰা :- সুদীৰ্ঘ সময়ৰ ব্যৱধানত ইকুইটি বজাৰৰ গ্ৰাফ ঊৰ্ধ্বমুখী৷ দৈনিক ব্যৱধানত কিন্তু বজাৰৰ গ্ৰাফ কেতিয়াবা যদি ওপৰলৈ, আন কেতিয়াবা তললৈ৷ তেনেহ’লে কেতিয়ানো বিনিয়োগৰ বাবে সুসময়? যদিওবা বজাৰ পৰি থাকিলে বিনিয়োগৰ বাবে উপয়োগী বুলি কোৱা হয়, বজাৰৰ সূচকাংক পৰি থাকিলেও সেই মুহূৰ্তত নিশ্চিতভাৱে জনা সম্ভৱ নহয় বজাৰ আৰু কিমান তললৈ যাব৷ সময় পাৰ হ’লেহে গম পোৱা যায় সেয়াই বজাৰৰ পতনৰ শেষ বিন্দু আছিল নে নাই৷ ইফালে বজাৰলৈ যদি সুদীৰ্ঘ সময়ৰ বাবে ভাল দিন আহে তেন্তে বিনিয়োগৰ পৰা আঁতৰি থকা উচিত নেকি? এনেধৰণৰ সিদ্ধান্তৰ বাবে অসুবিধাজনক সময়বোৰত বিনিয়োগৰ এটা গ্ৰহণযোগ্য ব্যৱহাৰিক কৌশল হ’ল – বজাৰৰ ভাল-বেয়ালৈ লক্ষ্য নকৰি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বিনিয়োগ কৰি যোৱা৷ ইয়াৰ সুফল দুটা৷ প্ৰথম, আপোনাৰ বাবে গড় দাম এটাত বিনিয়োগ সম্ভৱ হৈ উঠিব৷ দ্বিতীয়, এই পদ্ধতিত একেলগে এগালমান টকাৰ দৰকাৰ নাই৷ ভৱিষ্যতৰ উপাৰ্জনৰ পৰাও একোটা অংশ বিনিয়োগৰ ফালে লৈ যোৱাৰ পৰিকল্পনা কৰিবলৈ সহজ৷
ভৌগোলিক দৃষ্টিকোণৰ পৰা :- উন্নত দেশবোৰত অতি জনপ্ৰিয় এই ডাইভাৰচিফিকেচনৰ ধাৰণা৷ যদিওবা গোলকীয় অৰ্থনীতিত দেশ এখনৰ বেয়া দিনৰ বোজা কিছু পৰিমাণে আন দেশেও সহিবলগা হয়, তথাপি কব পাৰি যে পৃথিৱীৰ সকলো দেশে একে সময়তে একে পৰিমাণৰ সুদিন বা দুৰ্দিনৰ মুখামুখি নহয়৷ ইউৰোপৰ কিছু দেশৰ অৰ্থনৈতিক অৱস্থা যদি বৰ্তমান ভাল নহয়, আমেৰিকাৰ অৱস্থা ভাললৈ আহিছে৷ চীনৰ ভৱিষ্যতৰ উত্থানৰ হাৰ সম্বন্ধে যদি বিশেষজ্ঞই সন্দেহ প্ৰকাশ কৰিছে, ভাৰতৰ সম্ভাৱনা সম্পৰ্কে আস্থা প্ৰকাশ কৰিছে৷ এই সৌভাগ্য-দুৰ্ভাগ্য সলনি হয় সময়ৰ অগ্ৰগতিৰ লগে লগে৷ এতিয়া যদি আপোনাৰ ইকুইটি বিনিয়োগত পৃথিৱীৰ প্ৰায়বোৰ উল্লেখযোগ্য অৰ্থনীতি বা শ্বেয়াৰ বজাৰৰ অংশ থাকে তেন্তে ই আপোনাক পৃথিৱীৰ শ্বেয়াৰ বজাৰৰ এক গড় উত্থানৰ ভাগ দিবলৈ সক্ষম হ’ব৷ এই ধাৰণাটোক কোৱা হয় ‘পৃথিৱীৰ ইকুইটি’ত বিনিয়োগ কৰা৷ নিজ দেশৰ শ্বেয়াৰ বজাৰৰ বেয়া দিনতো পৃথিৱীৰ আন দেশৰ অৰ্থনৈতিক সমৃদ্ধিত নিজৰ বিনিয়োগক উপকৃত কৰাৰ চেষ্টা এয়া৷
এতিয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ভিন্নতাকৰণ বা ডাইভাৰচিফিকেচন আপুনি সহজে কেনেকৈ পাব? মিউচুৱেল ফাণ্ড এই ক্ষেত্ৰত আটাইতকৈ সুচল সমাধান৷ ‘সম্পদৰ শ্ৰেণীৰ ফালৰ পৰা’ যদি ডাইভাৰচিফিকেচন বিচাৰিছে বেলেন্সড ফাণ্ডত বিনিয়োগ কৰক৷ ‘একে সম্পদ শ্ৰেণীৰ ভিতৰতে’ ডাইভাৰচিফিকেচন বিচাৰিলে ভাল ইকুইটি বা ডেট ফাণ্ডত বিনিয়োগ কৰক৷ ‘সময়ৰ ফালৰ পৰা যদি ডাইভাৰচিফিকেচন বিচাৰিছে, ‘চিপ’ৰ জৰিয়তে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰক৷ ‘ভৌগোলিক দৃষ্টিকোণৰ পৰা’ ডাইভাৰচিফিকেচন লাগে যদি ভাৰতত সুলভ ভাল আন্তঃৰাষ্ট্ৰীয় মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰক৷
***************************
( অসমীয়া প্ৰতিদিন ৩১ মাৰ্চ, ২০১৬ )
Leave a Reply