আপুনি বাৰু কেতিয়াবা ভুল শাৰীত গভীৰ বিশ্বাসেৰে থিয় হৈ পাইছেনে? সেয়া হ’ব পাৰে কোনো কাউণ্টাৰৰ সন্মুখত অথবা হ’ব পাৰে কোনো প্ৰৱেশ দ্বাৰক লক্ষ্য কৰি আগবঢ়া মানুহৰ দীঘলীয়া লানিত৷ ধৰক, ক’ৰবাত আপুনি একাধিক কাউণ্টাৰৰ মাজৰে যিকোনো এটাত শাৰী পতাৰ প্ৰয়োজন হ’ল৷ গোটেইকেইটা কাউণ্টাৰত মানুহে শাৰী পাতিবলৈ ইতিমধ্যেই আৰম্ভ কৰিছে৷ আপুনি তুলনামূলকভাৱে চুটি শাৰীটোৰ শেষৰজন হৈ থিয় দিলেগৈ৷ আপোনাৰ পাচতো বহুজন আহি থিয় হ’ল আৰু আপুনি হৈ পৰিল শাৰীটোৰ মাজৰ এজন৷ কাউণ্টাৰবোৰ এতিয়াও খোলা নাই৷ আপুনি ধৈৰ্যসহকাৰে অপেক্ষা কৰিলে৷ কিছু সময়ৰ পাচত কাউণ্টাৰৰ খিৰিকীবোৰ এখন এখনকৈ খোল খালে৷ কিন্তু নুখুলিল আপোনাৰ শাৰীটোৱে খুন্দিয়াই থকাখনহে৷ হঠাৎ কোনোবাই আঙুলিয়াই দিলে কাউণ্টাৰৰ খিৰিকীৰ ওপৰত থকা জাননীখনলৈ – অনিবাৰ্য কাৰণবশতঃ কাউণ্টাৰটো সেইদিনা বন্ধ থকাৰ কথা৷ ধেই! হতাশা মিশ্ৰিত হাঁহিৰ মাজত শাৰীটো ভাগি থাকিল নিমিষতে৷ কিয় এনে হয়? কিয় এজনে কৰা ভুলৰ পাচত বাকীসকলে যোগ দিয়ে? কাৰণটো মনস্তাত্ত্বিক, যাক কোৱা হয় জাক বা পাল মানসিকতা (Herd Mentality)৷ আগৰ মানুহজনে নিশ্চয় জানি-শুনিয়েই শাৰী পাতিছে বা আগৰ মানুহখিনিয়ে ভুলকৈ শাৰী পাতিবলৈ বুৰ্বক নে কিবা? এনে বিভিন্ন যুক্তিয়ে আপোনাক বিশেষ অনুসন্ধান নকৰাকৈ ভুল শাৰী এটাৰ এজন হ’বলৈ বাধ্য কৰে৷ ২০১১ চনত ভূপেন হাজৰিকাৰ দেহাৱসানৰ পিচত তেখেতৰ নশ্বৰদেহ অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ দীঘলীপুখুৰীৰ পাৰত জেলেপী পাক মাৰি মাৰি আগবঢ়া জৰ্জ ফিল্ডমুখী মানুহৰ সুদীৰ্ঘ শাৰীত বহুপৰ কটোৱাৰ সময়তো দেখিছিলো এনে দুই-এক ভুল শাৰী৷ হ’ব পাৰে অভাৱনীয় দীঘল শাৰীৰ শেষত থিয় হোৱাৰ পৰা পৰিত্ৰাণ বিচাৰি দুই এজনৰ সেয়া আছিল ইচ্ছাকৃত প্ৰচেষ্টা৷ কিন্তু শাৰীৰিক ভাষা লক্ষ্য কৰি এনে লাগিছিল তেনে শাৰীৰ অলপ পিচলৈ থকাসকলে হয়তো নাজানিছিল তেওঁলোক যে একোটা ভুল শাৰীৰ অংশ৷
সাধাৰণ অৱস্থাত এইটো বিশ্বাস কৰিবলৈ কাৰো অসুবিধা নহ’ব যে গাইগুটীয়া সিদ্ধান্ততকৈ বহুজনৰ সমৰ্থনপুষ্ট সিদ্ধান্ত ভ্ৰান্তিমুক্ত হোৱাৰ সম্ভাৱনা বেছি৷ সেইবাবেই আমি অধিক মানুহ জড়িত থকা সিদ্ধান্তবোৰক বেছি গুৰুত্বসহকাৰে লওঁ৷ কিন্তু এজনক দেখি আন এজনৰ সমৰ্থন, দুজনৰ সমৰ্থন দেখি তৃতীয়জনৰ সহমত, তিনিজনক দেখি চতুৰ্থজন বা বহুজনক দেখি আনসকলেও বিশেষ নভবাকৈ সেই দল বা গোটটোৰ এজন হোৱা প্ৰক্রিয়াত বহু সময়ত দলগত সিদ্ধান্তও ভুল পথেৰে ধাৱমান হোৱা পৰিলক্ষিত হয়৷ সামাজিক মনোবিজ্ঞানী (Social Psychologist) চল’মন এছ (Solomon Asch) আছিল প্ৰথমজন ব্যক্তি যি সম্পৰীক্ষাৰ জৰিয়তে চাবলৈ যত্ন কৰিছিল কেনেকৈ দলগত আচৰণে মানুহক ভুল সিদ্ধান্ত ল’বলৈ প্ৰৰোচিত কৰিব পাৰে৷ যোৱা শতিকাৰ পঞ্চমটো দশকতে তেওঁ কৰা এটা বিখ্যাত সম্পৰীক্ষাৰ অংশ হিচাপে মানুহৰ একো একোটা গোটক এনে অতি সহজ প্ৰশ্ন সুধিছিল যাৰ নেকি উত্তৰ এটা শিশুৱেও দিব পাৰে৷ তেওঁ ৭ জনীয়া একো একোটা দলক দুখন কাৰ্ড দেখুৱাইছিল৷ এখন কাৰ্ডত আছিল এডাল উলম্ব ৰেখা আৰু আনখন কাৰ্ডত আছিল তিনিডাল উলম্ব ৰেখা৷ তেওঁৰ প্ৰশ্নটো আছিল দ্বিতীয়খন কাৰ্ডত থকা ৰেখা তিনিডালৰ কোনডাল প্ৰথম কাৰ্ডখনত থকা উলম্ব ৰেখাডালৰ সমান৷ নিতান্তই সহজ প্ৰশ্ন নহয়নে? ৰ’ব, সম্পৰীক্ষাটো একেবাৰে পাক নথকা নহয় কিন্তু৷ কিছুমান ৭ জনীয়া গোটৰ ছজনেই আছিল তেওঁৰ দ্বাৰা নিয়োজিত ব্যক্তি৷ যিসকলে উদ্দেশ্য প্ৰণোদিতভাৱে ভুল উত্তৰ দিয়ে৷ আচল পৰীক্ষাৰ প্ৰাৰ্থী সপ্তমজনহে৷ প্ৰায়ে দেখা গ’ল যে ৬ টা ভুল উত্তৰ শুনাৰ শেষত বিস্ময়কৰভাৱে সপ্তমজন ব্যক্তিয়ে প্ৰথম জন ব্যক্তিৰ সৈতে সহমত পোষণ কৰি ভুল উত্তৰ নিৰ্বাচন কৰিছে৷ ছল’মন এছৰ ব্যাখ্যা মতে সামাজিক চাপৰ ফলত সপ্তমজনে ভুল উত্তৰ দিবলৈ বাধ্য হৈছে৷ কেতিয়াবা আনকি সেইটো ভুল বুলি জনাৰ পিচতো৷ সেই যে পঞ্চতন্ত্ৰৰ ব্ৰাহ্মণ, ছাগলী আৰু তিনি ঠগৰ সাধুটো মনত আছেনে? য’ত দক্ষিণাত পোৱা ছাগলীটোক তিনি ঠগে বেলেগ বেলেগ ক্রমে কুকুৰ, মৰা গৰু পোৱালী আৰু গাধ বুলি কোৱাত নিজৰ চকুৰে দেখি থকা ছাগলীটোক ভূত বুলি দলিয়াই আঁতৰি পলাইছিল হোজা ব্ৰাহ্মণজন৷ ইয়াৰ কাৰণো সামাজিক চাপৰ প্ৰভাৱেই আছিল বুলিব পাৰো নিশ্চয়৷
বিনিয়োগৰ সময়তো মানুহ সাংঘাতিকভাৱে প্ৰভাৱান্বিত হয় চৌপাশৰ দহজনৰ মন্তব্যত৷ সেয়া লাগিলে ভুলেই নহওক কিয়৷ বহুতে ভুৱা বিত্তীয় আঁচনিক সন্দেহ কৰা সত্বেও জড়িত হয় সম্পৰ্কীয় মানুহ, বন্ধু-বান্ধৱ নাইবা আন দহজনৰ কথাত আস্থা ৰাখি৷ শ্বেয়াৰ বজাৰ তুংগত থকা অৱস্থাত অফিচ, বজাৰ, বাতৰি কাকত, টিভি সকলোতে শ্বেয়াৰ বজাৰৰ শেহতীয়া উৎসাহী কথা-বাৰ্তা শুনি শুনি ইমানদিনে ইকুইটিত বিনিয়োগ কৰিবলৈ সাহ নকৰা বা উদাসীনজনৰো মন ঘূৰে৷ ইকুইটিৰ চৰিত্ৰ বুজাৰ আগতেই তেওঁ হৈ পৰে ইকুইটিৰ অত্যুৎসাহী সমৰ্থক৷ ঠিক একেদৰে বজাৰৰ মণ্ডা অৱস্থাত চৌপাশৰ ঋণাত্মক মতামতে বহুজনক ভাবিবলৈ সুযোগ নিদিয়ে যে বজাৰ চিৰদিন এনেদৰে পৰি নাথাকে৷ সহকৰ্মী, বন্ধু আদিৰ মতামতত বন্দী হৈ বিনিয়োগৰ বুৰঞ্জীলৈকেও ঘুৰি চাব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হয়৷ উল্লেখনীয় যে এনেকুৱা জাক বা পাল মানসিকতা বজাৰৰ দুয়োফালৰ অৰ্থাৎ উত্থান আৰু পতনৰ চৰম অৱস্থা পোৱাৰো অন্যতম শক্তিশালী কাৰক৷ অৱশ্যে কেতিয়াবা কৰোবাত এনে মানসিকতা ভাগ্যক্রমে কোনো বিনিয়োগকাৰীৰ সপক্ষেও ক্রিয়া কৰা দেখা যায়৷ ধৰক, আমাৰ উদাহৰণৰ ব্যক্তিজন ৰিস্ক ল’ব পৰা ক্ষমতা তেনেই কম৷ কিন্তু দেখাক দেখি বন্ধু কেইজনমানৰ লগত তেওঁ ইকুইটি মিউচুৱেল ফাণ্ডত চিপ এটা আৰম্ভ কৰিলে৷ বিনিয়োগ আৰম্ভ হোৱাৰ কিছুদিন পাচতে ইকুইটি বজাৰত খহনীয়াৰ সৃষ্টি হ’ল৷ তেওঁলোক সকলোৱে বিনিয়োগ কৰা ধনতকৈ বিনিয়োগৰ বজাৰ মূল্য কমিবলৈ ধৰিলে৷ আমাৰ উদাহৰণৰ ব্যক্তিজনে যথেষ্ট অস্বস্তি অনুভৱ কৰিলে৷ কিন্তু তেওঁ এইবাবেই সেই অস্বস্তিৰ মাজতো বিনিয়োগ অব্যাহত ৰাখিলে যে তেওঁৰ বন্ধুসকলৰ মতে এয়া বিনিয়োগ কৰাৰ সময়৷ হয়তো একধৰণৰ মানসিক সন্তুষ্টি তথা তুলনাৰ পৰা অহা জেদেও তেওঁক বুজালে – ‘মোৰেই অকল লোকচান হোৱা নাই নহয়৷ সিঁহতে যদি লোকচান সহিব পৰিছে মই কিয় নোৱাৰিম?’ অৱশ্যে এটা কথা ক’বই লাগিব যে এনে শুদ্ধ বিনিয়োগ দৰ্শন থকা বন্ধু পোৱাটো সৌভাগ্যৰ কথা৷ সকলোৰে কপালত নাথাকে৷ সেয়ে প্ৰিয় পাঠক, আপোনালোকে স্ব-উপলব্ধিৰে সমূহীয়া ভুলৰ পৰা পৰিত্ৰাণ পাব পৰাকৈ নিজকে প্ৰস্তুত কৰাতহে গুৰুত্ব আৰোপ কৰা উচিত৷
*****
(লেখাটো পূৰ্বে অসমীয়া প্ৰতিদিন কাকতত ৪ জুন, ২০১৫ত প্ৰকাশ পাইছিল)
Leave a Reply