দুৰ্ঘটনা বা অসুস্থতাৰ বাবে নিজক নাইবা ঘৰৰ আন কোনো সদস্যক চিকিৎসালয়ত ভৰ্তি কৰিবলগা কেতিয়াবা হৈছেনে? চিকিৎসালয়ত ভৰ্তি কৰি উঠি চিকিৎসাৰ সম্ভাব্য ব্যয়ৰ কথা শুনোতেও যদি চিন্তিত হোৱাৰ পৰিবৰ্তে ৰোগীয়ে সুচিকিৎসা পোৱাৰ বন্দৱস্ত কৰাত ব্যস্ত হৈ থাকিব পাৰিছে, তেনেহ’লে আপুনি ভাগ্যৱান৷ ইয়াৰ বাবে হয় আপোনাৰ লাগ বুলিলে পোৱাকৈ যথেষ্ট টকা থাকিব লাগিব, নহয় এটা উপযোগী স্বাস্থ্য বীমা আঁচনিৰে ৰোগীজন পৰিবেষ্টিত হৈ থাকিব লাগিব৷ দুৰ্ভাগ্যক্রমে যদিহে ইয়াৰ এটাও নাই তেন্তে আপোনাৰ আন লক্ষ্যলৈ বুলি সাঁচি থোৱা জমা ধন অকালতে ভাঙিবলগা হ’ব পাৰে৷ নতুবা তৎকালীনভাৱে আনৰ ওচৰত হাত পাতিবলগীয়া অৱস্থা এটাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷
গুৰুত্ব উপলব্ধি কৰা সত্ত্বেও বহুজনৰ স্বাস্থ্য বীমা নথকাৰ এটা প্ৰধান কাৰণ হৈছে ই গাড়ী বীমাৰ দৰে বাধ্যতামূলক নহয়৷ বহুতো আন দৰকাৰী কামৰ দৰে পিচুৱাই থকাৰ বাবে স্বাস্থ্য বীমা কৰা হৈ নুঠে৷ কেতিয়াবা বহুজনে স্বাস্থ্য বীমা ক্রয় কৰিও প্ৰয়োজনৰ সময়ত আশা কৰাধৰণে কামত নহা বুলি অভিযোগ কৰা দেখা যায়৷ সেয়ে এই বীমা সম্পৰ্কে এটা স্পষ্ট ধাৰণা লোৱা অতি গুৰুত্বপূৰ্ণ যাতে ইয়াক আপোনাৰ সপক্ষে সফলতাৰে ব্যৱহাৰ কৰিব পাৰে৷ স্বাস্থ্য বীমা ক্রয় কৰোতে লক্ষ্য কৰিবলগীয়া দিশবোৰলৈ চকু দিয়াৰ পুৰ্বে এই ব্যৱসায়টোৰ সম্বন্ধে চমুকৈ কিছু কথা ক’ব খুজিছো যাতে আপোনাৰ প্ৰত্যাশা যথাযথ হয়৷ পাহৰিলে ভুল কৰা হ’ব যে মূলতঃ স্বাস্থ্য বীমাও এক ব্যৱসায়৷ অৰ্থাৎ সকলো স্বাস্থ্য বীমা আঁচনি বেচা কোম্পানীৰ ব্যৱসায়িক লাভালাভৰ দৃষ্টিকোণ এটা সদায় জড়িত হৈ থাকে৷ বীমা কোম্পানীয়ে কেনেকৈনো লাভ কৰে? ধৰক, এশজন একে বয়সৰ মানুহৰ পৰা গাইপতি দহ হেজাৰ টকাকৈ এবছৰীয়া প্ৰিমিয়াম লোৱা হ’ল৷ এতেকে মুঠ গোট খাবলগীয়া ধনৰ পৰিমাণ ১০ লাখ টকা৷ যিহেতু অহা এবছৰত সেই এশজন ব্যক্তিয়েই অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া পৰিস্থিতিৰ সম্ভাৱনা নাই, সেয়ে এনে কিছুমান নিয়মাৱলীৰ ভিতৰত বীমাৰ বেষ্টনী ৰখা হ’ব যাতে বছৰটোত চিকিৎসালয়ত ভৰ্তি হোৱা সদস্যসকলক ধনৰাশি আদায় দিয়াৰ পাচতো কোম্পানীৰ লাভ হয়৷ যদিহে সেই এশজন ব্যক্তি বৰ্তমানলৈকে নিৰোগী, তেন্তে নিশ্চিতভাৱে কোম্পানীটোৰ বাবে সেয়া লাভদায়ক হ’ব৷ ৰক্তচাপ, মধুমেহজাতীয় বহুতো বেমাৰ-আজাৰ হোৱাৰ আশংকা মানুহৰ বয়স বৃদ্ধিৰ লগে লগে বাঢ়ি যায়৷ সেয়ে এশজনীয়া গোটটোলৈ কম বয়সীয়া ব্যক্তিক আকৰ্ষণ কৰাৰ বাবে কোম্পানীয়ে বীমাৰ প্ৰিমিয়াম কম কৰি হ’লেও চেষ্টা চলাব৷ আনফালে বয়স বাঢ়ি গ’লে প্ৰিমিয়ামৰ পৰিমাণ বেছি কৰাটো এটা গ্ৰহণযোগ্য কৌশল৷ ঠিক একে সময়তে বয়স কম হ’লেও এজন অসুস্থ ব্যক্তিৰ ক্ষেত্ৰত বীমা কোম্পানী যথেষ্ট সতৰ্ক৷ কিছু ক্ষেত্ৰত অতিৰিক্ত প্ৰিমিয়াম লৈহে আঁচনিত সোমাবলৈ দিব পাৰে৷ ইতিমধ্যেই আক্রান্ত হৈ থকা ৰোগৰ ক্ষেত্ৰত নিৰ্দিষ্ট দিনলৈকে বীমাৰ সুবিধা নিদিয়াৰ চৰ্ত আৰোপ কৰিব৷ বহু অসুখৰ উপস্থিতিত কোম্পানীয়ে বীমা খুজি কৰা আবেদন গ্ৰহণ নকৰিবও পাৰে৷
বহু ব্যক্তিয়ে স্বাস্থ্য বীমা আঁচনি এখন নিৰ্বাচন কৰোতে প্ৰিমিয়ামৰ পৰিমাণ কম হোৱাটোৱেই ক্রয়ৰ মূল কাৰণ হিচাপে গ্ৰহণ কৰে৷ কিন্তু লক্ষ্য কৰিবলগীয়া কথাটো হ’ল বজাৰত উপলব্ধ স্বাস্থ্য বীমা আঁচনিসমূহে আগবঢ়োৱা সা-সুবিধা একে নহয় যে একমাত্ৰ প্ৰিমিয়ামক ভিত্তি কৰি আপোনাৰ বাবে উপযোগী আঁচনিখন নিৰ্বাচন কৰিব পাৰিব৷ বহুজনে বীমাৰ ধন বিচাৰোতেহে গম পায় আঁচনিখন তেওঁৰ বাবে কিমান উপযোগী আছিল৷ সাধাৰণতে ভাৰতত স্বাস্থ্য বীমাক ‘চিকিৎসালয়ত ভৰ্তি হ’লে লগা খৰচৰ বীমা’ বুলিব পাৰি৷ কাৰণ মূল বীমাৰ ধন পাবলৈ আপুনি অন্ততঃ ২৪ ঘন্টা ডাক্টৰৰ উপদেশ অনুযায়ী চিকিৎসালয়ত কটোৱাটো আৱশ্যক৷ অৱশ্যে আজিকালি বহু আঁচনিত এনে সুবিধা সংযোজন কৰিছে যাৰ বাবে দিনতীয়াকৈ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিলেও বীমাৰ ধন দাবী কৰিব পাৰে৷ বহিঃ বিভাগৰ ৰোগী হিচাপে চিকিৎসা গ্ৰহণ কৰিলেও (অতিৰিক্ত প্ৰিমিয়ামৰ বিনিময়ত) বীমাৰ ধন দাবী কৰিব পৰাকৈ সুবিধা সংযোজিত কৰি কিছু আঁচনি বজাৰত উপলব্ধ৷ কিন্তু স্বাস্থ্য বীমাৰ প্ৰকৃত উদ্দেশ্য হৈছে হঠাতে উদ্ভৱ হোৱা চিকিৎসাজনিত বুজন পৰিমাণ খৰচৰ পৰা বীমা কৰোতাক সকাহ দিয়াহে৷ সাধাৰণ অৱস্থাত চিকিৎসালয়ৰ বহিঃ বিভাগৰ চিকিৎসা বৰ খৰচী নহয়৷ সেয়ে আঁচনি নিৰ্বাচন কৰোতে আৱশ্যক হোৱা চিন্তা-চৰ্চাত এনেধৰণৰ সকাহবোৰ মূল আকৰ্ষণ হোৱা অনুচিত৷
কিমান পৰিমাণৰ স্বাস্থ্য বীমা আপোনাক প্ৰয়োজনঃ– সংখ্যাটো যিমানেই ডাঙৰ হয় সিমানে ভাল৷ কিন্তু ডাঙৰ বীমা মানে বেছি প্ৰিমিয়াম৷ সেয়ে আমি এনে এটা সংখ্যা নিৰ্বাচন কৰিবলৈ চেষ্টা কৰা উচিত যাৰ বাবে প্ৰয়োজন হোৱা প্ৰিমিয়াম দিবলৈ আমাৰ টকাৰ অভাৱ নঘটাৰ লগতে চিকিৎসালয়ত ভৰ্তি হ’লে কৰিবলগীয়া খৰচৰ সিংহভাগ যাতে স্বাস্থ্য বীমাৰ জৰিয়তে পৰিশোধ কৰিব পৰা যায়৷ এইখিনিতে আন কেইটামান লক্ষণীয় কথা হ’ল স্বাস্থ্য শিতানৰ মুদ্ৰাস্ফীতিৰ হাৰ সাধাৰণ মুদ্ৰাস্ফীতিতকৈ বহু বেছি৷ শেহতীয়া ট্ৰেণ্ড অনুসৰি এই হাৰ প্ৰায় ১৫ ৰ পৰা ১৮ শতাংশ বুলিব পাৰি৷ ইয়াৰ অৰ্থ হ’ল প্ৰতি ৪-৫ বছৰৰ মূৰে মূৰে আপোনাৰ স্বাস্থ্য বীমাৰ বেষ্টনী সংখ্যা দুগুণ নকৰিলে বৰ্তমানৰ সমপৰ্যায়ৰ চিকিৎসা সম্ভৱ হৈ নাথাকিব৷ তদুপৰি স্বাস্থ্য বীমাত এটা ডাঙৰ আশংকা হৈছে বীমা কৰি থকাৰ সময়তো কিছু ৰোগৰ উপস্থিতি ধৰা পৰিলে বীমা কোম্পানীয়ে বেষ্টনী (ক’ভাৰ) সংখ্যা বৃদ্ধি কৰিবলৈ সন্মত নহ’বও পাৰে৷ সেয়ে এনে এটা ডাঙৰ সংখ্যাৰ বীমা কোম্পানীয়ে দিওঁতেই লৈ থোৱাটো ভাল, যাতে অন্ততঃ ৭-৮ বছৰলৈ বীমা বেষ্টনী যথাযথ হৈ থাকে৷ গুৱাহাটীৰ প্ৰেক্ষাপটত এজন মধ্যবিত্ত লোকৰ বাবে এই সংখ্যাটো বৰ্তমান অন্ততঃ ৫ লাখৰ আশে-পাশে থকাটো যুক্তিসংগত বুলি মই অনুভৱ কৰো৷ (আগলৈ)
Leave a Reply